ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছত্তিশগড়ৰ নাৰায়ণপুৰত চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ নাৰায়ণপুৰত কালি চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। ছত্তিশগড়ৰ ছুকমা জিলাত পৰহি ৯ গৰাকী মহিলাসহ আন ২২ জন মাওবাদীয়ে আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি চৰকাৰৰ আত্মসমৰ্পণ নীতিৰ অধীনত অস্ত্ৰ সম্বৰণ কৰা সকলক সকলো সা-সুবিধা আগবঢ়োৱা হ’ব। এই মাহৰ আৰম্ভণিতে দান্তেৱাৰাত জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ওচৰত ২৬ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল। ইয়াৰে তিনিজনৰ নামত নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰা আছিল।