ছত্তিশগড়ৰ ছুকমা জিলাত আজি ২৬জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে ১৩জন নক্সালবাদীৰ শিৰৰ মূল্য ৬৫ লাখ টকা আছিল। ছুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে প্ৰকাশ কৰা মতে পুনা মার্জেম পুনর্বাস পদক্ষেপৰ অধীনত ৭গৰাকী মহিলাকে ধৰি নক্সালবাদীৰ দলটোৱে শীৰ্ষ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী নক্সালবাদী কেইজন পিপ্লছ লিবাৰেচন গৰিলা আৰ্মী বেটেলিয়নৰ সদস্য আছিল আৰু তেওঁলোকে দক্ষিণ বাষ্টাৰ, মাড আৰু অন্ধ্র-ওড়িশা সীমান্তৰ মাওবাদী অধ্যুষিত অঞ্চলত সক্ৰিয় হৈ আছিল। তেওঁলোকে লগতে ছত্তিশগড়ৰ অবুজমাড, ছুকমাকে ধৰি ওড়িশাৰ সীমান্ত অঞ্চলসমূহত বিভিন্ন হিংসাত্মক ঘটনাৰ সৈতে জড়িত আছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। নক্সাল কেডাৰসকলে ছত্তিশগড় চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰসংস্থাপন নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। তেওঁলোকক প্ৰত্যেককে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় আৰু পাছত চৰকাৰৰ নীতি অনুসৰি পুনৰসংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষী অধীক্ষক চাৱনে প্ৰকাশ কৰে।
Site Admin | January 7, 2026 10:19 PM | naxal
ছত্তিশগড়ৰ ছুকমা জিলাত ২৬জন নক্সালবাদীৰ আত্মসমৰ্পণ