ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 21, 2025 10:56 AM | Prez Visit

printer

ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।আকাশবাণীৰ সংবাদাতাই জনাইছে যে, ছত্তিশগড়ৰ অম্বিকাপুৰৰ পি জি কলেজ খেলপথাৰত জনজাতীয় গৌৰৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি জনজাতীয় সম্প্ৰদায়ৰ গৌৰৱময় ইতিহাস আৰু তেওঁলোকৰ শৌর্যৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। শ্ৰীমতী মুৰ্মুৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি জনজাতীয় বীৰ আৰু স্বাধীনতা সংগ্রামীসকলৰ পৰিয়ালবৰ্গক সম্বর্ধনা জনায়। অনুষ্ঠানত ছত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই সভাপতিত্ব কৰাৰ লগতে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাই, কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামকে ধৰি বহুসংখ্যক জনপ্রতিনিধি উপস্থিত থাকে।