ছত্তিশগড়ত আজি ১০গৰাকী মহিলাকে ধৰি ২৯জন মাওবাদীয়ে আত্মসমৰ্পন কৰে। আত্মসমর্পনকাৰীসকলৰ ভিতৰত ২১জন মাওবাদীয়ে দান্তেৱাড়া জিলাত আৰু আঠজনে নাৰায়ণপুৰ জিলাত আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়াৰ আগত তেওঁলোকৰ অস্ত্রসমূহ সমৰ্পন কৰে। ৰাজ্য চৰকাৰৰ পুনৰসংস্থাপন নীতিৰ অধীনত প্ৰতিজন আত্মসমর্পনকাৰীক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব । তেওঁলোকক লগতে দক্ষতা বিকাশ আৰু কৃষিভূমিত কাম কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
Site Admin | August 20, 2025 8:58 PM | Chhattisgarh Surrendered
ছত্তিশগড়ত ১০গৰাকী মহিলাকে ধৰি ২৯জন মাওবাদীৰ আত্মসমৰ্পন