■ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰকৃত জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কালি শিৱসাগৰ জিলাৰ দিচাংমুখত টি এম পি কে, এম এম কে আৰু টি এম এম কে-ৰ দিচাংমুখ, শিৱসাগৰ নগৰ, দিখৌমুখ আৰু কৈৱৰ্ত দলনী আঞ্চলিক সমিতিৰ উদ্যোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰতিবাদকাৰীসকলে কালি সন্ধিয়া দিচাংমুখৰ প্ৰয়াত ছাত্রনেতা অনিল পাংগিং সোঁৱৰণী ভৱনৰ পৰা জোঁৰ সমদল কৰি দিচাংমুখ খেলপথাৰত সমবেত হৈ জনজাতি সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰে চৰকাৰৰ প্ৰতি আহ্বান জনায়। ৫ শতাধিক লোকে অংশগ্ৰহণ কৰা এই জোঁৰ সমদল কাৰ্যসূচীত মিচিং জনজাতিৰ কেইবাগৰাকী স্থানীয় নেতায়ো ভাগ লয়। এই কাৰ্যসূচীৰ পূৰ্বে শিৱসাগৰ জিলা প্ৰশাসনৰ আহ্বানত মিচিং জাতীয় সংগঠনৰ শীৰ্ষ নেতৃত্বৰ মাজত এখন সৌহার্দপূর্ণ আলোচনাও অনুষ্ঠিত হয়।
Site Admin | November 25, 2025 12:58 PM | Akashvani | Akashvani News | Sivasagar
ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শিৱসাগৰত জোঁৰ সমদল