লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত আজি জিলা ভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি স্থানীয় যুৱ দলৰ সন্মুখৰ পৰা ঐতিহাসিক বৰপুখুৰীৰ চাৰিওকাষে এটা বিশাল পদযাত্ৰা উলিওৱা হয়। ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাইয়ে শুভাৰম্ভ কৰা এই পদযাত্ৰাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী আৰু বিভাগীয় বিষয়াবৰ্গই অংশ লয়। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ সদস্যসকলেও এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। ৰাজনীতিবিদ গৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি লৌহ পুৰুষগৰাকীৰ আদৰ্শৰে উদ্বুদ্ধ এখন দেশপ্রেমমূলক নাটকো মঞ্চস্থ কৰা হয়। ইয়াৰ লগতে যশস্বী ক্রীড়াবিদ অর্জুন ভোগেশ্বৰ বৰুৱা জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ তৰফৰ পৰা দুখন প্ৰদৰ্শনীমূলত বিপনীৰ আয়োজন কৰা হয়।
Site Admin | November 7, 2025 8:04 PM | Ballav Bhai Anniversary
চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত বিভিন্ন কাৰ্যসূচী