ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2025 11:39 AM | PM Ekta Diwas

printer

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিব। শ্রীমোদীয়ে একতাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰতিবছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। এই দিনটো ৰাষ্ট্ৰীয় একতা, সংহতি আৰু সুৰক্ষাৰ প্ৰসাৰৰ বাবে উৎসর্গিত। এই দিৱসে লগতে জনসাধাৰণক নিজৰ দেশ আৰু সংস্কৃতিক লৈ গৌৰৱান্বিত হ’বলৈ উৎসাহিত কৰে। এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ সুৰক্ষা বাহিনীসমূহৰ শক্তি, নিয়মানুৱৰ্তিতা আৰু বীৰত্বত আলোকপাত কৰি আকৰ্ষণীয় কুচকাৱাজ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, ভাৰত-তিববত সীমান্ত আৰক্ষী, সশস্ত্ৰ সীমা বল আৰু অসম, ত্ৰিপুৰা, ওড়িশা, ছত্তিশগড়, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, জম্মু-কাশ্মীৰ, কেৰেলা আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক আৰক্ষী বাহিনীসমূহে কুচকাৱাজত অংশগ্ৰহণ কৰিব। অনৈক্যৰ মাজত ঐক্য বিষয়বস্তুৰে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে চিত্রকলা প্রদর্শন কৰিব।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজন কৰা একতাৰ পদযাত্ৰা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত আজিৰে পৰা ২৫ নৱেম্বৰলৈ প্ৰতিটো সংসদীয় সমষ্টিৰ জিলাসমূহত এই পদযাত্রা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে জলাশয়সমূহৰ স্বচ্ছতা অভিযান, গছপুলি ৰোপন, মহিলাৰ কল্যাণকামী শিৱিৰ, যোগাসন আৰু স্বাস্থ্য শিৱিৰৰ দৰে উন্নয়নমূলক পদক্ষেপসমূহো ৰূপায়ণ কৰা হ’ব। ২৬ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ দ্বিতীয় পৰ্যায়ত এই একতাৰ পদযাত্রা অনুষ্ঠিত হ’ব।