চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভত অৰিহণা যোগোৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক আজি মৈদাম প্ৰাঙ্গনত সম্বৰ্ধনা জনোৱা হয়। স্বৰ্গদেউসকলৰ স্মৃতি তর্পন সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন আৰু চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আয়োজিত এই সভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। এই সভাত প্রত্নতত্ব বিভাগৰ শীৰ্ষ বিষয়া, সাংস্কৃতিক বিশেষজ্ঞ, মৈদাম সংৰক্ষণৰ দায়িত্বত থকা বহু লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।