বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম হৈছে। আজি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত ৪ সহস্রাধিক লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত আহোম সৈনিক আৰু আহোম ডা-ডাঙৰীয়াক লগত লৈ প্ৰতীকি স্বৰ্গদেউৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্রতিফলন ঘটে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ লগতে কেইবাগৰাকী বুৰঞ্জীবিদে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱক এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকর্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ য়ুন্নান প্রদেশৰ মাউলুঙৰ পৰা সুদূৰ পাটকাই পর্বত অতিক্রমি চাউলুং চ্যুকাফাৰ অসম আগমণৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে।
Site Admin | January 11, 2026 9:04 PM | charaideo-maidam
চৰাইদেউ মহোৎসৱত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম