ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ

চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত আজি স্মার্ট ফোন বিতৰণ কৰা হয়। এই উপলক্ষে জিলাখনৰ সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে ডিজিটেল সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য চৰাইদেউ জিলাত ৬২৫ গৰাকী অংগনবাড়ী কৰ্মী আছে। ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনত কৰ্মৰত এইসকল কর্মীয়ে সমাজ কল্যাণ বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ড০ নেহা যাদৱৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।