ডাউনলোড
মোবাইল এপ

android apple
signal

চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ ৰোধৰ বাবে চৰাইদেউ জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসম-নাগালেণ্ড অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত জিলাখনত দিনে- নিশাই নিৰাপত্তা বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে। ইয়াৰোপৰি নাগালেণ্ড আৰু অৰুণাচলৰ পৰা চৰাইদেউ জিলাত প্ৰৱেশ কৰা স্পৰ্শকাতৰ পথসমূহত বিশেষ তালাচী চকী স্থাপন কৰি এই পথসমূহেৰে অহা-যোৱা কৰা বাহনৰ তালাচী চলোৱা হৈছে। সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে এই পথসমূহেৰে যাতে আলফা স্বাধীনৰ সদস্যই জিলাখনত প্ৰৱেশ কৰি কোনোধৰণৰ কুটাঘাতমূলক কার্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। অসম আৰক্ষীৰ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰাপত্তা সন্দৰ্ভত আলোচনাত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।