চৰাইদেউত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড

চৰাইদেউ জিলাৰ সোণাৰিত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত আজি ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয়। চৰাইদেউ জিলাৰ ন্যায়িক আদালতে আজি এই ঐতিহাসিক ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণত ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ এই লোকসকলে মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰি অগ্নি সংযোগ কৰি হত্যা কৰিছিল। মহিলাগৰাকীৰ পুত্ৰই সোণাৰি থানাত দিয়া এজাহাৰৰ ভিত্তিত কমেও ৩৫ জন লোকক আটক কৰা হৈছিল। ১৩ বছৰ ধৰি চলি থকা এই গোচৰৰ আজি প্ৰদান কৰা ৰায় অনুসৰি অপৰাধী বুলি প্রমাণিত ২৩ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছে। তদুপৰি ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৮ লাখ টকা প্ৰদান কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।