ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 2, 2025 12:03 PM | OIL India

printer

চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে ১৫ বছৰ পুৰণি বাহনসমূহত ৩১ মাৰ্চৰ পাছত তেল ডিপোত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিছাই বায়ু প্ৰদূষণ সমস্যা সম্পৰ্কে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰে। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈত হোৱা কথা-বতৰাত শ্ৰী ছিছাই কয়, যে চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব। মন্ত্ৰীগৰাকীয়ে কয়, যে এনে বাহনসমূহ চিনাক্তকৰণৰ লগতে মহানগৰখনত প্ৰৱেশ আৰু প্ৰস্থানত বাধা দিয়া অর্থে এটা গোট গঠন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।