■ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। বিগত দশকটোত কেন্দ্ৰীয় চৰকাৰে প্ৰযুক্তিক সৰ্বাত্মক বিকাশ আৰু জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত সৰ্বব্যাপী উল্লেখনীয় সফলতা লাভ কৰা হৈছে।
চলিত বছৰৰ এপ্ৰিলতে ১,৮৬৭ কোটিৰো অধিক ইউ পি আই লেনদেন সম্পন্ন হৈছে আৰু ইয়াৰ মূল্য ২৫ লাখ কোটি টকাৰো অধিক। আৰৱ-আমিৰী ৰাষ্ট্ৰ, ছিংগাপুৰ, ভুটান, নেপাল, শ্রীলংকা, ফ্রান্স আৰু মৰিছাছৰ লগতে ভাৰতে ইউ পি আইৰ দ্বাৰা ডিজিটেল লেনদেনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব বহন কৰিছে। ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা আন এটা সফলতাৰ দ্বাৰা ডাটা ব্যয়ৰ ৯৬ শতাংশ হ্ৰাস হৈছে আৰু দেশৰ ৯৯ দশমিক ৬ শতাংশ জিলাক ফাইভ জি সেৱাৰে সামৰি লোৱা হৈছে। ২ লাখ ১৮ হাজাৰৰো অধিক গাঁও পঞ্চায়তে ভাৰত নেট আঁচনিৰ অধীনত ব্ৰডবেও সেৱা লাভ কৰিছে। তদুপৰি যোৱা ১১ বছৰত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ২৮৫ শতাংশ বৃদ্ধি হৈছে। ভাষিণীৰ দৰে পদক্ষেপৰ সহায়ত ভাষিক ব্যৱধান হ্ৰাস হৈছে আৰু কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ২২ টা ভাৰতীয় ভাষাৰ অনুবাদ সম্ভৱ হৈ উঠিছে। আধাৰ প্রত্যায়িতকৰণৰ দ্বাৰা প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে লক্ষাধিক ভুৱা হিতাধিকাৰীক চিনাক্ত কৰা সম্ভৱ হৈ উঠিছে আৰু ইয়াৰ ফলত সমগ্ৰ ব্যৱস্থাটো স্বচ্ছ হোৱাৰ উপৰি ৰাজহুৱা ধন ৰাহি হৈছে তথা জনকল্যাণমূলক সেৱা নিৰ্ধাৰিত সময়ত প্ৰদানত সুবিধা হৈছে।