গৃহমন্ত্রী অমিত শ্বাহে আজি কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে। প্ৰত্যেকখন ৰাজ্যই নিজৰ সম্ভাৱনা উপলব্ধি কৰি এই লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। থিৰুৱনন্তপুৰমত নতুন ভাৰত, নতুন কেৰালা সন্মিলন উদ্বোধন কৰি তেওঁ আয়ুর্বেদ, তথ্য-প্রযুক্তি, পর্যটন আৰু ক্ৰীড়াৰ দৰে খণ্ডত ৰাজ্যখনৰ প্ৰগতিৰ প্ৰশংসা কৰে। এল ডি এফ আৰু ইউ ডি এফ চৰকাৰে ৰাজ্যখনত ৰাজনৈতিক স্থবিৰতাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে কেৰালাই বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ জৰিয়তে প্ৰগতিৰ দিশে ধাৱিত হ’ব পাৰে। সবৰিমালা স্বৰ্ণ চুৰি কাৰ্যৰ অনুসন্ধানৰ দায়িত্ব এটা নিৰপেক্ষ সংস্থাক দিয়া উচিত বুলিও তেওঁ মত প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ স্থানীয় নিকায়সমূহত নৱ-নিৰ্বাচিত বিজেপিৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। শ্ৰী শ্বাহে থিৰুৱনন্তপুৰমৰ শ্ৰী পদ্মনাভ স্বামী মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়।
Site Admin | January 11, 2026 7:36 PM | Amit Shah
চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ