ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ জি কিষান ৰেড্ডী

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্রী জি কিষান ৰেড্ডীয়ে প্ৰকাশ কৰিছে। আজি পুৱা নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষাসমূহ ৰাষ্ট্ৰীয় ঐক্য আৰু সাংস্কৃতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ভেঁটিস্বৰূপ।
ভাৰতৰ ঐতিহাসিক বৈচিত্ৰ্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰেড্ডীয়ে কয় যে ভাৰতত ১২১টা বিশিষ্ট ভাষা আৰু প্রায় ১,৬০০টা উপভাষা আছে। তেওঁ লগতে কয় যে ভাষাসমূহ কেৱল যোগাযোগৰ মাধ্যমেই নহয় বৰং জ্ঞান, সংস্কৃতি আৰু পৰম্পৰা তথা ঐতিহ্যৰ বাহক। মন্ত্ৰীগৰাকীয়ে কয় যে সবলীকৰণ আৰু ব্যক্তিগত ভাৱ বিনিময়ৰ বাবে ভাষা গুৰুত্বপূৰ্ণ মাধ্যম হোৱা হেতুকে কেন্দ্ৰীয় চৰকাৰে ভাষা আৰু উপভাষাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷ ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্ভুক্ত তিনিটা ভাষা ব্যৱহাৰৰ পদক্ষেপে ছাত্র-ছাত্রী সকলৰ বাবে শিক্ষাগ্রহণ সুচল কৰি তোলাৰ লগতে সৰ্বসাধাৰণ লোকক শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত আঞ্চলিক ভাষা ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব বুলিও তেওঁ কয়। শ্ৰী ৰেড্ডীয়ে কয় যে চলিত বৰ্ষৰ অক্টোবৰ মাহত কেন্দ্ৰীয় মন্ত্রীসভাই মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিল। তেওঁ লগতে কয় যে ভাৰত একমাত্র দেশ যিয়ে ১১টা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে।