ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছেঃ প্ৰধানমন্ত্ৰী

ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰয়াস স্থায়ী আৰু দীৰ্ঘকালীন দৃষ্টিভংগীৰে পৰিচালিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছে। তেওঁ কয়, যে আন্তঃগাঁথনি বিপ্লৱৰ ১১ টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত বিশ্বমানৰ আন্তঃগাঁথনি বিকশাই তোলা হৈছে। ইয়াৰ ফলত দেশৰ বিকাশ ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, যে ৰে’লপথৰ পৰা ঘাইপথলৈ, বন্দৰৰ পৰা বিমান বন্দৰলৈ ভাৰতৰ দ্ৰুত বিকাশশীল বুনিয়াদী আন্তঃগাঁথনি নেটৱৰ্কে জীৱন যাপন সহজ কৰি তুলিছে আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে।
ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে মোদী চৰকাৰে আন্তঃগাঁথনি বিপ্লৱৰ ১১ টা বছৰত ইটোৰ পাছত সিটো অভিযান্ত্ৰিক আশ্চৰ্যৰে দেশৰ পুনৰ নিৰ্মাণত ব্ৰতী হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে নতুনকৈ নির্মিত অত্যাধুনিক আন্তঃগাঁথনি প্রকল্পসমূহে জনসাধাৰণক কাষ চপাই আনি ৰাষ্ট্ৰৰ একতাৰ এনাজৰী সুদৃঢ় কৰি তুলিছে আৰু অভূতপূৰ্বে গতিৰে ব্যৱসায়-বাণিজ্য সম্ভৱ কৰি তুলিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।