চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দেশখনত উপস্থিত হ’ব। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ গৈছে। আঞ্চলিক আৰু বিশ্বব্যাপী প্রাসংগিক বিষয়সমূহ সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰাৰ কথা। লণ্ডনত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত ব্ৰিটেইনত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ ডৰেইস্বামীয়ে কয়, যে এই ভ্রমণে উভয় ৰাষ্ট্রকে উপকৃত কৰিব। তেওঁ লগতে কয়, যে মুক্ত বাণিজ্য সন্দৰ্ভত এখন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে আৰু ই দুয়োখন ৰাষ্ট্ৰৰে অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব। ইয়াক এখন উচ্চাকাংক্ষী নথি বুলি উল্লেখ কৰি শ্ৰীডৰেইস্বামীয়ে কয়, যে মুক্ত বাণিজ্য চুক্তিয়ে ভৱিষ্যতৰ সুযোগসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি উভয় ৰাষ্ট্ৰৰ মাজত নতুন অংশীদাৰিত্ব নিৰ্মাণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰিব। ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে হ’বলগীয়া বৈঠকখন কাইলৈ অনুষ্ঠিত হ’ব বুলি শ্ৰীডৰেইস্বামীয়ে উল্লেখ কৰে। এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ইংলেণ্ড ভ্ৰমণ।
প্রধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ আমন্ত্ৰণত ২৫ আৰু ২৬ জুলাইত মালদ্বীপ ভ্রমণ কৰিব। প্রধানমন্ত্রী মোদীয়ে মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে উদযাপন হ’বলগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।