চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী আব্দেলতিফ লৌদিয়িৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ ভ্ৰমণ হিচাপে বিবেচিত শ্রীসিঙৰ এই ভ্রমণসূচীয়ে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সূচনা কৰা বুলি প্ৰকাশ পাইছে। এটা সামাজিক বার্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীলৌদিয়িৰ সৈতে তেওঁৰ আলোচনাই উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা, কৌশলগত আৰু ঔদ্যোগিক দিশৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব । এই ভ্ৰমণকালত শ্রীসিঙে, প্ৰতিৰক্ষা সজুলি নিৰ্মাণৰ বাবে মৰক্কোৰ বেৰেচিদত স্থাপন কৰা টাটা এডভান্সড ছিষ্টেম মেৰকৰ এটা নতুন নিৰ্মাণ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত প্ৰক্ৰিয়াৰ অধীনত ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ জৰিয়তে স্থাপন কৰা এইটোৱেই হ’ল আফ্ৰিকাত ভাৰতৰ প্ৰথমটো প্ৰতিৰক্ষা সজুলি উৎপাদন প্রকল্প। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ এই সময়ছোৱাতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা খণ্ডৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।