ধুবুৰী বন বিভাগে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধুবুৰী জিলাৰ ভাৰত- বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত বন বিভাগে অভিযান চলাই চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ বন বিভাগে ২০২৫ বিত্তীয় বৰ্ষত অবৈধ বনজ সম্পদ সুৰক্ষা আৰু চোৰাং কাঠ সৰবৰাহ ৰোধ কৰিবলৈ বহুকেইটা অভিযান চলাইছিল। এই অভিযানত বন সুৰক্ষা বাহিনীয়ে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, যান-বাহনৰ লগতে ৬ টা পাম্প মেচিন, ২৪ টা অবৈধ কাঠফলা মিল আৰু ২২৬ দশমিক ২-৮-৯ ঘনমিটাৰ কাঠ জব্দ কৰে। লগতে বিভাগটোৱে অভিযান চলাই ২৬ দশমিক ৮-২ ঘনমিটাৰ মূল্যবান কাঠো জব্দ কৰে। ২০২৫ বিত্তীয় বৰ্ষটোত বন বিভাগে জিলাখনত ১৩ কোটি ৮৭ লাখ ১২ হাজাৰ ৯৫২ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। লগতে জিলা বন বিভাগে ১০৪০ বিঘা বনভূমি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। তদুপৰি, বিভাগটোৱে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান, বন উৎসৱত কেইবা হাজাৰ গছপুলি বিতৰণ কৰা কাৰ্য্যসূচীও হাতত লৈছিল।
Site Admin | January 9, 2026 8:09 PM | Wood Seized
চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ধুবুৰী বন বিভাগৰ