ডাউনলোড
মোবাইল এপ

android apple
signal

May 17, 2025 11:58 AM | Amit Shah

printer

চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন গৃহমন্ত্ৰীৰ

অপাৰেচন সিন্দূৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা শক্তি, চোৰাংচোৱা সংস্থাৰ নির্ভুল তথ্য আৰু তিনিওটা সশস্ত্র বাহিনীৰ অব্যর্থ আক্রমনাত্মক ক্ষমতাৰ অনন্য প্রতীক। নতুন দিল্লীত কালি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়। তেওঁ কয়, যে ভাৰত ইয়াৰ তিনিওটা সশস্ত্র বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু সকলো নিৰাপত্তা সংস্থাক লৈ গৌৰৱান্বিত। শ্ৰী শ্বাহে শেহতীয়াকৈ ছত্তিশগড়-তেলেংগানা সীমান্তৰ কাৰেণাত্তালু পাহাৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযানৰ কথা উল্লেখ কৰি কয়, যে নক্সালৰ বিৰুদ্ধে এনে ঐতিহাসিক অভিযানসমূহে দেশৰ নিৰাপত্তা বাহিনীসমূহৰ মাজৰ সহযোগিতাকে প্রতিফলিত কৰে। এনেধৰণৰ সহযোগিতা অপাৰেচন সিন্দূৰৰ সময়তো দেখিবলৈ পোৱা গৈছিল বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। তেওঁ কয়, যে নতুনকৈ স্থাপন কৰা বহুপাক্ষিক সংস্থা কেন্দ্ৰটোৱে ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি সকলো সংস্থাৰ মাজত সমন্বয় ৰক্ষাৰে এখন বিৰামহীন আৰু সংহত মঞ্চ প্ৰদান কৰিব।