ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব্য কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েও সাম্প্ৰতিক সময়ত কৰা বুলি অভিযোগ কৰে। তেওঁ অভিযোগ কৰি কয়, যে চেম পিট্টোডাৰ মন্তব্যই গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত সংঘটিত হতাহতিত নিহত ভাৰতীয় সৈন্যসকলৰ প্ৰতি চৰম অপমানজনক। ইপিনে, কংগ্ৰেছ দলে চেম পিট্রোডাই চীন সম্পৰ্কত কৰা মন্তব্য কংগ্ৰেছ দলৰ মন্তব্য নহয় বুলি স্পষ্ট কৰি দিছে। দলটোৰ নেতা জয়ৰাম ৰমেশে কয়, যে ভাৰতীয় জাতীয় কংগ্ৰেছে চীন দেশক এতিয়াও দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি বুলি গণ্য কৰে আৰু দেশৰ বৈদেশিক নীতি আৰু অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত চীন দেশক প্রধান অন্তৰায় বুলি এতিয়াও গণ্য কৰে।