চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত কালি কমেও ৪ জন লোকৰ মৃত্যু হয়। চেন্নাইৰ পাটাবিৰাম আবদীৰ এটা ঘৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা ফটকাৰ বিস্ফোৰণৰ পৰাই এই দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে মৃত দুজন লোক ফটকাৰ গ্ৰাহক হোৱাৰ বিপৰীতে দুজন লোকে ঘৰটোত বাস কৰিছিল। এই দুৰ্ঘটনাত ফটকা মজুত কৰি ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে।
Site Admin | October 20, 2025 11:26 AM | Chennai cracker blast
চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু
