ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 17, 2024 8:36 PM | Defence Ministry

printer

চেন্নাইত প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠক আজি চেন্নাইত অনুষ্ঠিত হয়। বৈঠকত দেশৰ ব্যাপক সামুদ্রিক সীমান্তৰ পাৰৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰাত উপকূলৰক্ষী বাহিনীৰ কাম-কাজ পৰ্যালোচনা কৰা হয়। ৰাধামোহন সিঙৰ অধ্যক্ষতাত আয়োজিত বৈঠকখনত উপকূলৰক্ষী বাহিনী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্রধান এছ পৰমেশে দেশৰ উপকূলীয় সুৰক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ প্ৰস্তুতি, কাম-কাজৰ সক্ষমতা, কৌশলগত পদক্ষেপৰ পৰ্যালোচনা কৰে। বৈঠকত দেশৰ সামুদ্রিক স্বার্থ, বিভিন্ন অংশীদাৰীৰ সৈতে সহযোগিতা বৃদ্ধি আৰু সামুদ্ৰিক নিৰাপত্তা তথা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সঁহাৰি ব্যৱস্থা ত্বৰান্বিত কৰাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয় । সঞ্চালক প্ৰধানগৰাকীয়ে সমিতিখনক উপকূলৰক্ষী বাহিনীৰ ব্যাপক পর্যবেক্ষণ ব্যৱস্থা, উন্নত জাহাজ, বিশেষ সঁহাৰি বাহিনীকে ধৰি অবৈধ মৎস্য চিকাৰ, মানৱ আৰু সামগ্ৰী সৰবৰাহৰ দৰে সামুদ্ৰিক নিৰাপত্তা বিঘ্নিত কৰা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত বাহিনীটোৰ ভূমিকা সম্পৰ্কে অৱগত কৰে।