চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থল সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্শ্বেল এ পি সিং আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰি অপাৰেচন সিন্দূৰ সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে সেনা বাহিনীৰ জোৱানসকলৰ বীৰত্ব আৰু আত্মোৎসৰ্গাৰ মনোভাৱক প্ৰশংসা কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ যুঁজখনত সেনা বাহিনীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলিও ৰাষ্ট্ৰপতি শ্ৰী মুৰ্মুৱে প্ৰকাশ কৰে।
Site Admin | May 14, 2025 7:42 PM | Prez Meet Army Staff
চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানসহ সেনাৰ ৩ মুৰব্বীৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ