কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’র্ড চমুকৈ চি বি এছ ইয়ে তেওঁলোকৰ অধীনৰ সকলো বিদ্যালয়ত অসম চৰকাৰৰ চিন্তাৰ ফচলস্বৰূপ জলদূত কাৰ্যসূচী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত চি বি এছ ইৰ শৈক্ষিক বিভাগৰ সঞ্চালকে প্ৰতিখন স্বীকৃতিপ্রাপ্ত বিদ্যালয়ৰ প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত অসম জলজীৱন মিছনক প্ৰশংসা কৰি জলদূত কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে উল্লেখ কৰা হয়। চি বি এছ ইয়েএই পদক্ষেপ গ্ৰহণ কৰাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জলজীৱন মিছন, অসমক ধন্যবাদ জ্ঞাপন কৰে। এই ব্যৱহাৰিক কাৰ্যসূচীয়ে শিক্ষাৰ্থীকসকলক পানী সংৰক্ষণৰ বাবে সামূহিক প্ৰচেষ্টাত উদগণি যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Site Admin | July 12, 2024 7:27 PM
চি বি এছ ইত জলদূত কাৰ্যসূচী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ