চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগৰ পৌৰোহিত্যত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু জিলা আয়ুক্ত যতীন বৰাসহ জিলাখনৰ মুৰববী-বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান লোৱাৰ লগতে কৰ সংগ্ৰহ কৰা বিভাগসমূহক কৰ সংগ্ৰহ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিবলৈও মুৰব্বী-বিষয়াসকলক আহ্বান জনায়।