ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি য়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নিট ইউ জিৰ সন্দেহজনক দাবীৰ বিষয়ে জনোৱাৰ বাবে এখন সুকীয়া মঞ্চ মুকলি কৰিছে। এন টি এ পৰীক্ষাৰ্থীসকলক ভুৱা দাবীৰে প্রবঞ্চনা কৰিব খোজা অসাধু ব্যক্তিসকলৰ কথাত ভোল নাযাবলৈ পৰামৰ্শ দিছে। সংস্থাটোৱে লগতে এনেধৰণৰ বিভ্ৰান্তিকৰ তথ্য আৰু এনে তথ্য বিয়পোৱা লোকৰ বিষয়ে ৪ মে’ৰ বিয়লি ৫ বজা পর্যন্ত এন টি এৰ ৱেবচাইট যোগে অৱগত কৰিবলৈ পৰীক্ষাৰ্থীসকলক অনুৰোধ জনাইছে।
Site Admin | April 27, 2025 11:19 AM | NTA MBBS Admission
চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তি সম্পৰ্কীয় বিভ্ৰান্তিকৰ প্ৰচাৰত ভোল নাযাবলৈ পৰীক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰামৰ্শ
