ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সম্বিত পাত্ৰাই কয় যে, ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রীপাত্ৰাই কয় যে, এই ঘটনাক লৈ লুকাবলগীয়া এনে কি আছিল, যাৰ বাবে তৃণমূল চৰকাৰে বিষয়াগৰাকীক ধনৰ প্ৰস্তাৱ লৈ ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।