চাৰিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ’ব। এই ভ্রমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ সৈতে কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰা। কাইলৈ তেওঁ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সলৈ যাব। পেৰিচত হ’বলগীয়া ২০২৫ বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্রদূত সঞ্জীৱ কুমাৰ ছিংলাই কয়, যে সমগ্র বিশ্বতে কৃত্রিম বুদ্ধিমত্তাক যাতে কেইগৰাকীমান ব্যক্তি অথবা কেইটামান প্রতিষ্ঠানে একচেতিয়া সম্পত্তি হিচাপে যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে ভাৰতৰ মূল লক্ষ্য। উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যাতে অত্যাধুনিক তথ্যপ্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা নাহে তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সুৰক্ষিত আৰু বিশ্বাসযোগ্য হৈ থাকিব লাগিব বুলিও ছিংলাই উল্লেখ কৰে। সাক্ষাৎকাৰটোত ৰাষ্ট্রদূতগৰাকীয়ে উল্লেখ কৰা মতে ১২ ফেব্ৰুৱাৰীত মার্চেইলত বাণিজ্যিক দূতাবাস উদ্বোধন কৰাটো এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈ ৰ’ব। ইয়াৰ জৰিয়তে ভাৰত-মধ্যপ্রাচ্য-ইউৰোপৰ অৰ্থনৈতিক দ্বাৰৰ এক শক্তিশালী ভেটি গঢ়ি উঠিব। উল্লেখযোগ্য যে ১২ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া ফ্ৰান্সৰ ভ্ৰমণসূচী সামৰি আমেৰিকালৈ ৰাওনা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।