ধেমাজি জিলা আৰু ছেচন আদালতে আজি চাৰিটা পক্ছ’ গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে। ইয়াৰে প্ৰথমটো গোচৰত ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সাক্ষীচৰণ বিশ্বাস নামৰ এজন লোকক দুগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকাৰ জৰিমণা বিহে। আনটো গোচৰত আদালতে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰৰ তিলক শইকীয়া নামৰ এজন লোকক নাবালিকা ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকাৰ জৰিমণা বিহে। তৃতীয়টো গোচৰত একেখন আদালতে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত বৈজয়ন্তীপুৰৰ দীপক ৰুচাল নামৰ এজন লোকক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে আৰু তেওঁক পক্ছ’ আইনৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকাৰ জৰিমণা বিহে। আদালতে আজি নাবালিকা ধৰ্ষণৰ আন এটা গোচৰৰ অভিযুক্ত চিলাপথাৰৰ ২ নম্বৰ চিলিৰ চেনাই চাংমাই নামৰ আন এজন লোকক ছবছৰৰ কাৰাদণ্ড আৰু ১৫ হাজাৰ টকাৰ জৰিমণা বিহে। পঞ্চমটো গোচৰত ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি ২০১৭ চনত এগৰাকী মহিলাক হত্যাৰ চেষ্টাৰ অভিযোগত জোনাইৰ লালবাবু কৰ্মকাৰ নামৰ এজন লোকক ১০ বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমণা বিহে বুলি চৰকাৰী অধিবক্তা অজয় ফোগলাৰ উদ্ধৃতি দি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে।
Site Admin | March 26, 2025 7:51 PM | Dhemaji Court
চাৰিটা পক্ছ’ গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান ধেমাজি জিলা আৰু ছেচন আদালতৰ
