চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ ৪ গৰাকী, স্নাতক শিক্ষকৰ ১৭৭ গৰাকী, নিম্ন প্রাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী শিক্ষক আছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এতিয়ালৈকে ১০০ খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে আৰু জানুৱাৰীত আৰু ১০০ এখন এনে বিদ্যালয় স্থাপন কৰা হ’ব। ইয়াৰ পৰৱৰ্তী সময়ত চাহ বাগিচা অঞ্চলসমূহত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পৰিকল্পনা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

ড০ শর্মাই লগতে কয়, যে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ বাবেও চাহ বাগিচা থকা অঞ্চলসমূহৰ মহাবিদ্যালয়সমূহত তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।