চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টনত পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগল্‌ছ শাখাত ভাৰতৰ পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথমটো ৰাউণ্ডত সিন্ধুৱে মালয়েছিয়াৰ বুছানন অংবামৰংফানক ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে দুয়োগৰাকী খেলুৱৈৰ মাজত অনুষ্ঠিত ২১ খন পোনপটীয়া খেলত মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে সিন্ধুৱে ২০ খনত জয়লাভ কৰিলে। আনগৰাকী ভাৰতীয় খেলুৱৈ মালৱিকাই ডেনমাৰ্কৰ লাইন হজমার্ক জাৰ্ছফেল্টৰ বিৰুদ্ধে প্ৰথমখন খেলত পৰাজয় বৰণ কৰিও সামগ্ৰিকভাৱে ২০-২২, ২৩-২১ আৰু ২১-১৬ ব্যৱধানত তেওঁক পৰাভূত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।