November 21, 2024 8:14 PM | Lakshya Sen

printer

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে আজি বিয়লি দ্বিতীয় ৰাউণ্ডৰ এখন খেলত জাৰ্মানীৰ ৰাছমুছ গেমকেক ২১-১৬, ২১-১৮ গেমত পৰাস্ত কৰে। ভাৰতৰ ছিৰাগ ছেটী আৰু ছাত্বিকছাইৰাজ ৰনকীৰেড্ডীৰ যুটীটোৱেও ডেনমাৰ্কৰ ৰাছমুছ কেআৰ আৰু ফ্ৰেডেৰিক ছুগোৰ যুটীটোক ২১–১৯, ২১–১৫ গেমত পাৰভূত কৰি পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। অৱশ্যে ত্ৰিছা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটো মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত চীনৰ লিউ শ্বে আৰু টান নিঙৰ হাতত ১৬-২১, ১১-২১ গেমত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।