ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 26, 2025 10:44 AM | Tennis

printer

চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষ ডাবলছ শাখাৰ ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ স্বাত্বিকছাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছাংঝ’ত কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ তিনি নম্বৰ স্থানৰ যুটীটোৱে মালয়ছিয়াৰ অং ইউ চিন আৰু টেউ ই য়িক ২১- ১৮, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ যুটীটোৱে আজি হ’বলগীয়া খেলত বিশ্বৰ দ্বিতীয় স্থানৰ যুটী মালয়ছিয়াৰ আৰ’ন চিয়া আৰু ছ’হ উই য়িকৰ বিৰুদ্ধে খেলিব। ইপিনে ভাৰতৰ ১৭ বছৰীয়া খেলুৱৈ উন্নাতি হুডাই মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ চাৰিনম্বৰ খেলুৱৈ জাপানৰ আকানী য়ামাগুচ্চিৰ হাতত পৰাস্ত হয়। খেলুৱৈগৰাকী প্রি-কোৱাৰ্টাৰ ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী পি ভি সিন্ধুক পৰাস্ত কৰিছিল।