November 19, 2025 7:02 PM | JogenMohan

printer

চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ মুকলি মন্ত্ৰী যোগেন মহনৰ

অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাৰ চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মহনে আজি বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমহনে কয়, যে ৰাজ্য চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক মঠ-মন্দিৰ আৰু ডিমা হাচাওৰ শৈল-ভাস্কর্য বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

চৰাইদেউ জিলাতো স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি চৰাইদেউৰ সহযোগত আজিৰ পৰা ২৫ নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫-ৰ আয়োজন কৰা হৈছে । এই উপলক্ষে আজি পুৱা চৰাইদেউ মৈদাম ক্ষেত্ৰত স্বচ্ছতা অভিযান চলোৱা হয়। এই ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি পৰ্যটকসকলৰ বাবে এখন ফটো প্ৰদৰ্শনী আৰু মৈদাম প্ৰাংগণত মৈদামসমূহৰ তথ্য সম্বলিত এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ২৩ নৱেম্বৰ মৈদাম ক্ষেত্ৰত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।