June 19, 2025 11:56 AM

printer

চলিত বৰ্ষৰ যুৱ আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নাম প্রকাশ

■ সাহিত্য একাডেমীয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ যুৱ আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নামৰ তালিকা প্রকাশ কৰিছে। অসমৰ সুপ্ৰকাশ ভূঞালৈ কুঁচিয়ানামা শীর্ষক চুটি গল্প সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহঁতৰ পদ্যৰ বাবে শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অমৰ খুংগুৰ বড়োৱে বড়ো ভাষাত লিখা অং অচুৰ কবিতা সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু বিনয় কুমাৰ ব্ৰহ্মই খান্থি বোসোন আৰো আসু ডানায় শিশু গল্প সংকলনৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে।
যুৱ সাহিত্য বঁটা লাভ কৰা শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱৰ বাসিন্দা সুপ্রকাশ ভূঞাই ২০০৮ চনৰ পৰা অসমৰ বিভিন্ন প্রতিষ্ঠিত আলোচনীত নিয়মীয়াভাৱে লিখি আহিছে। মূলতঃ মানুহৰ দুখ, যন্ত্ৰণা আৰু সপোনক বিষয় হিচাপে লৈ গল্প লিখি অহা শ্ৰী ভূঞাই বঁটা লাভৰ পাছত নিজৰ মনৰ ভাৱ আকাশবাণীৰ আগত প্ৰকাশ কৰিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আটাইকেইগৰাকী বঁটা বিজয়ী সাহিত্যিক অভিনন্দন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বঁটা লাভ কৰা চাৰিওগৰাকী সাহিত্যিকলৈ অভিনন্দন জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।