চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়।পৰিবহন তথা পার্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি ধেমাজী জিলাত শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ লৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুণোৎসৱ অংশ হিচাপে আজি পুৱা বাক্সা জিলাৰ ৭০০ নম্বৰ খাৰুৱা প্ৰাথমিক বিদ্যালয় আৰু ইৰাগদাও উচ্চ মাধ্যমিক বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকি ছাত্র-ছাত্রী, অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয়, যে গুণোৎসৱ ব্যৱস্থাই ৰাজ্যখনৰ শিক্ষাখণ্ডৰ ইতিবাচক পৰিবেশ সৃষ্টি কৰি উন্নয়নৰ বাট বোলাত সহায় কৰি আহিছে। একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি পশ্চিমবংগৰ দাতিকাষৰীয়া ধুবুৰী জিলাৰ গোলকগঞ্জৰ চিন্ময়ী বিদ্যালয় আৰু আগমণি শিক্ষাখণ্ডৰ অন্তৰ্গত চাগলীয়া মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে কথোপকথনত ভাগ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।