চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্রকল্পস্থলী পৰিদৰ্শন কৰি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰকল্পৰ কাম-কাজ দ্রুত গতিত চলি আছে আৰু ছমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। দৌল উৎসৱ উপলক্ষে কালি বটদ্ৰৱাত গোসাঁইৰ ওচৰত সেৱা লোৱাৰ পাছত ভকত-বৈষ্ণৱৰ সৈতে মত-বিনিময় কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে আকাশীগংগাৰ মথাউৰি নিৰ্মাণৰ কামো শীঘ্ৰে সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সম্প্ৰতি সুৰক্ষিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মহাপুৰুষজনাৰ স্মৃতি আৰু কৰ্মৰাজী সংৰক্ষণৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কালি নগাঁৱত আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। জিলাখনত শীঘ্ৰেই মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নগাঁও চহৰৰ শিৱনগৰত ৰাজ্য চৰকাৰৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৩১ কোটি ৩০ লাখ টকা ব্যয়ৰে নিৰ্মিয়মান ড০ ভূপেন হাজৰিকা কলাতীর্থ পৰিদৰ্শন কৰি ইয়াৰ কামকাজৰ বুজ লয়। এই কলাক্ষেত্ৰত প্ৰেক্ষাগৃহ, কলাবিথিকা, পুথিভঁৰালকে ধৰি বিভিন্ন সুবিধা উপলব্ধ হ’ব। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগক ছমাহৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ড০ শৰ্মাই কালি নগাঁৱৰ কৰৈয়নীৰ সাৰ্বজনীন হেজাৰী ভাওনা মহোৎসৱত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰি থৈ যোৱা ৰাজ্যখনৰ আধ্যাত্মিক ভেটিটোৱে নতুন প্ৰজন্মৰ চিন্তা-চেতনাৰ উত্তৰণত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে মন্দিৰটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে এক কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ড০ শৰ্মাই নগাঁও চহৰৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে নিৰ্মিয়মান মৰিকলং বিলৰ পাৰত উদ্যানৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়।
Site Admin | March 16, 2025 12:36 PM | Assam CM at Nagaon
চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ