ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 24, 2024 1:26 PM | Accident | CMO Assam

printer

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪.২৮ শতাংশ হ্রাস পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহনকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে এই বিষয়ে প্ৰকাশ কৰি কয়, যে যোৱাবছৰ ৰাজ্যখনত ৬,৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা ১১,৫৫৮ লৈ বৃদ্ধি পাইছে। ড০ শৰ্মাই কয়, যে সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যখনক পথ দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ সংকল্প লৈছে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে আইন বলৱৎকাৰী সংস্থাসমূহৰ বিষয়াবৰ্গক অনুজ্ঞাবিহীন চালক, অসাৱধানভাবে গাড়ী চলোৱা ব্যক্তি আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে ঘন কুঁৱলীৰ সময়ত পথৰ সংকেতসমূহ দৃশ্যমান কৰি ৰাখিবলৈকো নিৰ্দেশ দিয়ে।