চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে: জাহ্নু বৰুৱা

● চলচ্চিত্ৰ সমাজৰ বাবে গঠনমূলক আৰু মানৱতাবাদী হোৱা উচিত। গঠনমূলক চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে বুলি কালি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা জাহ্নু বৰুৱাই ডিব্ৰুগড়ত মন্তব্য কৰে। অসম কলেজ শিক্ষক সংস্থা, ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত অষ্টবিংশতিতম ড° যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে এই মন্তব্য কৰে। বক্তৃতাৰ আৰম্ভণিতে জাহ্নু বৰুৱাই ড° যোগীৰাজ বসু আৰু কৃষ্ণকান্ত সন্দিকৈৰ সংস্কৃত পাণ্ডিত্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে সংস্কৃত ভাষাক এটা শক্তিশালী ভাষা বুলি উল্লেখ কৰে। এই অনুষ্ঠানত ডিব্ৰু মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ, কেইবাগৰাকীও প্রাক্তন অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, ডিব্ৰুগড় চহৰৰ ভালেসংখ্যক ব্যক্তি আৰু মহাবিদ্যালয় পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে ।

বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ৰিতুপৰ্ণ বৰুৱাৰ উপস্থিতিত কালি ডিব্ৰুগড় জিলাৰ দুটাকৈ সমষ্টিত দুখন সাংগঠনিক সভা অনুষ্ঠিত হয়। চাবুৱা-লাহোৱাল আৰু দুলীয়াজান বিধানসভা সমষ্টিভিত্তিত দুলীয়াজান ক্লাবত আৰু নাহৰকটীয়া-টিংখাং বিধানসভা সমষ্টিভিত্তিত ৰাজগড় পৰিষদ জিলা ভৱনত এই বিশেষ সভা দুখন অনুষ্ঠিত হয়। এই সভাত নির্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয়। জিলা সভাপতি দুলাল বৰা, জিলা প্ৰভাৰী তপন গগৈ, সহ-প্ৰভাৰী লক্ষ্মীনাথ তাছা, বিধায়কদ্বয় – বিনোদ হাজৰিকা আৰু তেৰছ গোৱালা তথা ৰাজ্যিক কার্য নির্বাহক সদস্য ইন্দ্ৰ গগৈয়ে অংশগ্রহণ কৰে। নাহৰকটীয়া আৰু টিংখাং বিধানসভা সমষ্টিভিত্তিক সভাত কেবিনেট মন্ত্রী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰা আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈও উপস্থিত থাকে।