ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চত্তিশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৯ জন মাওবাদী নিহত

চত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলৰ দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমামুৰীয়া এলেকাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯ জন মাওবাদী নিহত হয়। এনদ্ৰি গাঁওৰ সমীপৰ এলেকাটোত ভালেসংখ্যক মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফ আৰু জিলা সংৰক্ষিত বাহিনীৰ ডিজিআৰৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ ৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সংঘৰ্ষস্থলীৰ পৰা এটা এছ এল আৰ ৰাইফল আৰু দুটা অন্য ৰাইফল উদ্ধাৰ কৰা হৈছে। আমালৈ বাতৰি অহাৰ পৰলৈকে অঞ্চলটোত তালাচী অভিযান অব্যাহত আছিল।