ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2024 6:02 PM | K.P Sharma Oli

printer

কে পি শর্মা অ’লীৰ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ

কে পি শর্মা অ’লীয়ে আজি চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ শীতল নিবাসত ৰাষ্ট্ৰপতি ৰামচন্দ্র পাউড়েলে শ্রীঅলীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ২১ গৰাকী নৱ নিযুক্ত মন্ত্রীকো পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অ’লী নেতৃত্বাধীন কেবিনেটত বর্তমান এন চি, ইউ এম এল, জনতা সমাজবাদী পাৰ্টি আৰু লোকতান্ত্রিক সমাজবাদী পাৰ্টিৰ মন্ত্ৰীসকল অন্তৰ্ভুক্ত হৈছে। নেপালী কংগ্ৰেছ দলৰ প্ৰকাশ মানসিং আৰু চি পি এন-ইউ এম এল দলৰ বিষ্ণুপ্ৰসাদ পাউড়েলক উপ প্রধানমন্ত্রী হিচাপে নিয়োগ কৰা হৈছে। শপতগ্রহণ অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি ৰাম ছাহায়া প্ৰসাদ যাদৱ, প্ৰাক্তন প্রধানমন্ত্রী তথা নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা, প্রাক্তন প্রধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ডকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।