চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন মাদক দ্ৰব্য সৰবৰাহকাৰী থানাৰ পৰা পলায়ন কৰাৰ পাছতে আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।