ডাউনলোড
মোবাইল এপ

android apple
signal

ঘানা, ট্রিনিডাড আৰু টবাগ’, আৰ্জেণ্টিনা ব্রাজিল আৰু নামিবিয়াৰ ভ্ৰমণ সূচীৰে প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানা, ট্রিনিডাড আৰু টবাগ’, আৰ্জেণ্টিনা ব্রাজিল আৰু নামিবিয়াৰ ভ্ৰমণ সূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রী মোদী আজি ঘানাত উপস্থিত হ’ব। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে কয় যে গ্ল’ৱেল চাউথ অৰ্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ঘানা ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু দেশখনে আফ্রিকীয় সংঘ আৰু পশ্চিম আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীমোদীয়ে কয় যে ঘানাৰ সৈতে থকা ঐতিহাসিক সম্বন্ধ অধিক ঘনিষ্ঠ কৰিবলৈ আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, সুৰক্ষা, সামর্থ বৃদ্ধি আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগীতাৰ নতুন দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে দেশখনৰ সৈতে আলাপ- আলোচনা কৰিবলৈ তেওঁ আগ্রহী। ঘানাৰ ভ্ৰমণ সামৰি শ্ৰী মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ট্ৰিনিডাড আৰু টবাগলৈ ৰাওনা হ’ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰিষ্টাইন কাৰলা কাংগালো আৰু প্ৰধানমন্ত্রী কমলা প্ৰসাদ বিছেছৰক সাক্ষাৎ কৰিব। এই ভ্রমণে দেশখনৰ সৈতে থকা ভাৰতৰ প্রচীন সম্পর্ক পুনৰ উজ্জীৱিত কৰি তোলাৰ সুযোগ প্ৰদান কৰিব বুলি প্রধানমন্ত্ৰীয়ে আশা কৰিছে। ট্ৰিনিডাড আৰু টবাগ’ৰ পৰা শ্ৰীমোদী আর্জেণ্টিনালৈ যাব। এয়া হ’ব বিগত ৫৭ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম আর্জেন্টিনা ভ্রমণ। লেটিন আমেৰিকাৰ দেশ আৰ্জেণ্টিনাৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে জি-২০ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত দেশখনে ভাৰতৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আহিছে। ভ্রমণকালত শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়েৰ মাইলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই আলোচনাত উভয় পক্ষৰ বাবে লাভদায়ক সহযোগিতা, বিৰল খনিজ পদার্থ, শক্তি, বাণিজ্য, পর্যটন, প্রযুক্তি আৰু বিনিয়োগৰ দৰে বিষয়সমূহে স্থান লাভ কৰিব।

ব্রাজিলত শ্ৰীমোদীয়ে ছয় আৰু সাত জুলাইত ৰিঅ’ ডি জেনেৰিঅ’ত হ’বলগীয়া ব্ৰীকছ শীৰ্ষ সন্মিলনত ভাগ ল’ব। তেওঁ কয় যে প্ৰতিস্থাপক সদস্য ৰূপে ভাৰত নিত্য নতুন অর্থ ব্যৱস্থাসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্ৰীকছৰ প্ৰতি প্রতিশ্রুতিবদ্ধ। অধিক শান্তিপূর্ণ, সমতাপূর্ণ, ন্যায্য, গণতান্ত্ৰিক আৰু সন্তুলিত বহুধ্রুবীয় বিশ্ব শৃংখলাৰ গঢ়ি তোলাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ব্ৰীকছ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে শ্রীমোদীয়ে কেইবাখনো দেশৰ নেতৃবৰ্গক দেখা কৰিব। তেওঁ দ্বিপাক্ষিক আনুষ্ঠানিক ভ্রমণসূচীৰে ব্ৰাচিলীয়ালৈ যাব। এয়া হ’ব বিগত ছটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্রথম ব্রাচিলীয়া ভ্রমণ। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্বন্ধ অধিক সুদৃঢ় কৰাৰ আৰু গ্ৰ’ৱেল চাউথৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ আগবঢ়াই নিয়াৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইচ এনাচিঅ’ লুলা দি চিলভাৰ সৈতে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব।
ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্রধানমন্ত্রী মোদী নামিবিয়াত উপস্থিত হ’ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ড০ নিতম্বো নন্দী নডেটৱাৰ সৈতে বিভিন্ন ক্ষেত্ৰত লাভদায়ক সহযোগিতা সম্পর্কে আলোচনা কৰিব। নামিবিয়া ভাৰতৰ নিৰ্ভৰযোগ্য সহযোগী বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে দুয়োখন দেশে ঔপনিবেশিকবাদৰ বিৰুদ্ধে ঐতিহাসিক সংঘৰ্ষত ব্ৰতী হৈছিল। শ্ৰীমোদীয়ে নামিবিয়াৰ সংসদৰ যুটিয়া অধিবেশনতো ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক