উত্তৰ-পূব সীমান্ত ৰে’লৱেই ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰে’ল চলাচল সুৰক্ষিত কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ৰে’লৱে বোৰ্ডৰ নিৰ্দেশনা অনুসৰি ৰেলৱেই ইয়াৰ ইঞ্জিনসমূহ কুঁৱলীৰ সময়ত দৃশ্যমানতা অটুট ৰাখিব পৰা ব্যৱস্থাৰে সজ্জ্বিত কৰিছে। ইয়াৰ ফলত কুঁৱলীয়ে দৃশ্যমানতা হ্ৰাস কৰাৰ সময়তো বিশেষ সংকেত আৰু প্ৰযুক্তিৰ সহায়ত ইঞ্জিন চালকসকলৰ সহায়ক হ’ব। তদুপৰি প্ৰতিকূল বতৰত সহায় হোৱাকৈ উত্তৰ পূব সীমান্ত ৰে’লৱেই পৰ্যাপ্ত পৰিমাণৰ ডিটনেটৰৰ যোগান মূল ৰে’লপথৰ স্থানসমূহ চিহ্নিত কৰণ, সংকেত উপস্থাপন ফলক আৰু লেভেল ক্ৰছিং গেটসমূহত ৰং কৰাৰ ব্যৱস্থা লৈছে। কম দৃশ্যমানতাৰ সময়ত ৰে’ল চলাচলো নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে।
Site Admin | November 25, 2025 10:21 PM | NF Railway
ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰে’ল চলাচল সুৰক্ষিত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ব্যৱস্থা