গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি

দৰং জিলা প্ৰশাসনে ছিপাঝাৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰিত স্থানৰ চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে অঞ্চলটোৰ তিনি নম্বৰ ধলপুৰ গাঁৱৰ ২৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে পৰহিলৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দখলীকৃত চৰকাৰী ভূমিত থকা ১৬৭টা পৰিয়াললৈ এমাহ পূৰ্বে জাননী জাৰি কৰা হৈছিল। এই জাননীৰ প্ৰত্যুত্তৰত নিজৰ ভূমিৰ অধিকাৰ বিচাৰি কোনেও এই পর্যন্ত প্রশাসনক আবেদন জনোৱা নাই বুলি আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে ইতিমধ্যে ৮ হাজাৰ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।