গৰাকীবিহীন কুকুৰক আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমৰ জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চতম ন্যায়ালয়ে আজি গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এগৰাকী অধিবক্তাই এই সন্দৰ্ভত আবেদন দাখিল কৰা বুলি উল্লেখ কৰাৰ পাছত ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণুয়ক লৈ গঠিত এখন বিচাৰপীঠে আজি বিষয়টোৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ১৪ আগষ্টত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায়দান সুৰক্ষিত ৰখাৰ পাছতো দিল্লী পৌৰ নিগমে জাননী জাৰি কৰা বুলি আবেদনখনত উল্লেখ কৰা হৈছে। ইয়াৰ পূৰ্বে ১১ আগষ্টত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনক লৈ গঠিত এখন বিচাৰপীঠে পৌৰ নিগম কৰ্তৃপক্ষক দিল্লীৰ বিভিন্ন প্ৰান্তৰ গৰাকীবিহীন কুকুৰসমূহ কৰায়ত্ত কৰিবলৈ আৰু ৮ সপ্তাহৰ ভিতৰত কমেও ৫ হাজাৰ পশুধন ৰখাৰ ব্যৱস্থা থকা আশ্ৰয় গৃহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল।