অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত কালিৰে পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। ৬ জানুৱাৰীলৈকে হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে ২০২৫ বর্ষটো গ্রন্থ বর্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কার্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান ২০২৫ লাভকৰা ৰাজ্যৰ ৪০ বছৰ অনুৰ্দ্ধ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাক সম্বর্ধনা জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন লেখক-লেখিকাসকলক এই সন্মান প্রাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰি নৈতিকতা আৰু সামাজিক প্ৰমূল্য অক্ষুণ্ণ ৰাখি নিজৰ সৃষ্টি কৰি যাবলৈ আহ্বান জনায়।
অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিশ ত্রিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে। গ্ৰন্থমেলাৰ প্রাংগণতে জন্ম শতবর্ষত ড° ভূপেন হাজৰিকালৈ শ্রদ্ধাঞ্জলি শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ড° ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত আয়োজিত অনুষ্ঠানটো বিশিষ্ট লেখক সুমন্ত চলিহাই সঞ্চালনা কৰে।
ইপিনে বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ ড° দীপক কুমাৰ বৰকাকতিলৈ ২০২৫ বৰ্ষৰ অসম প্রকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।