গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত চৰকাৰে বিগত চাৰি বছৰত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সমবায় ৰাজ্য মন্ত্ৰী মুৰলীধৰ মহলে কয়, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় সমিতিসমূহক শক্তিশালী কৰাৰ উদ্দেশ্যে সমবায় মন্ত্ৰ্যালয় প্রতিষ্ঠা কৰিছে। তেওঁ কয়, যে সমগ্ৰ দেশত মুঠ ৮ লাখ সমবায় সমিতি আছে আৰু কমেও ৩০ কোটি লোক ইয়াৰ সদস্য হিচাপে সমিতিসমূহৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈ আছে। মন্ত্ৰী শ্ৰী মহলে কয়, যে দেশৰ ৫০ শতাংশ জনসংখ্যা সমবায় খণ্ডৰ সৈতে সংযুক্ত হৈ আছে।
Site Admin | December 2, 2025 9:38 PM | Sansad
গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত বিগত চাৰি বছৰত চৰকাৰৰ কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ